২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA বলৱৎ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে.........

CAA

দেশত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। এজন উচ্চ পদস্থ চৰকাৰী বিষয়াই সদৰী কৰা মতে, CAA সম্পৰ্কীয় নিয়মাৱলী ইতিমধ্যেই প্ৰস্তুত হৈ উঠিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত CAA প্ৰযোজ্য হ’ব বুলিও নাম প্ৰকাশত অনিশ্চুক বিষয়াজনে জানিবলৈ দিছে।

সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত দল সংগঠন সমূহে ব্যাপক আন্দোলনত অব্যাহত থকাৰ স্বস্তেও ২০১৯ চনত কেন্দ্ৰ চৰকাৰে গৃহীত কৰিছিল এই আইন।

সংসদৰ অনুমোদন সাপেক্ষে প্ৰনয়ন কৰা এই আইনৰ নিয়মাৱলী ইমান দিনে প্ৰস্তুত হোৱা নাছিল যদিও ইতিমধ্যে CAA সম্পৰ্কীয় নিয়মাৱলী প্ৰস্তুত কৰা হৈছে আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পূৰ্ণাংগ ৰূপত কাৰ্যকৰী কৰিব বুলি জ্যেষ্ঠ চৰকাৰী বিষয়া গৰাকীয়ে প্ৰতিবেদনত জনাইছে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব।

ইতিমধ্যে আৱেদন প্ৰক্ৰিয়াৰ নিয়মাৱলী সমূহ তৈয়াৰ কৰা হৈ গৈছে যত সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন যোগে নিয়ন্ত্ৰণ কৰিব পৰাকৈ ডিজিটেল প’ৰ্টেল প্ৰস্তুত কৰা হৈছে, আৱেদনকাৰীৰ পৰা কোনো নথি-পত্ৰ বিচাৰ নহ’ব, কেৱল মাত্ৰ ভাৰতত প্ৰৱেশ কৰা বছৰটো দিলেই হ’ব বুলি উল্লেখ কৰিছে।

Category
Profile picture for user UB Photos