প্ৰসংগঃ যোৰহাটৰ লিচুবাৰীৰ গ্ৰেণেড বিস্ফোৰণ কাণ্ড! কেনেকৈ গ্ৰেণেড বিস্ফোৰণ ঘটাইছিল দুৰ্বৃত্তই? জানো আহক.........

JORHAT

প্ৰসংগঃ যোৰহাটৰ লিচুবাৰীৰ গ্ৰেণেড বিস্ফোৰণ কাণ্ড
কেনেকৈ গ্ৰেণেড বিস্ফোৰণ ঘটাইছিল দুৰ্বৃত্তই?
সৱিশেষ বাখ্যা কৰিলে যোৰহাটৰ SP মোহন লাল মিনাই
বিস্ফোৰণৰ আৰত আলফা(স্বাঃ)ৰ নেতা আইচেং অসম

আইচেং অসমৰ নিৰ্দেশতে বিস্ফোৰণ সেনা চাউনীত
বিস্ফোৰণত জড়িত অচ্যুৎ গগৈ, বিৰাজ কছাৰীক আটক
টেলিগ্ৰাম এপত ভিডিঅ’ কলেৰে বিস্ফোৰণৰ প্ৰশিক্ষণ
বিস্ফোৰণ নঘটালে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি
বিৰাজ কছাৰীৰ একাউণ্টত দিছিল ৫ হাজাৰ টকা

উল্লেখ্য যে, আৰক্ষী অধীক্ষক মিনাই সদৰি কৰা মতে আইচেং অসমে যুৱকদ্বয়ক বিস্ফোৰণ সংঘটিত কৰাৰ কাৰণে ভয়–ভাবুকিৰে বাধ্য কৰাইছে। বিস্ফোৰণ সংঘটিত নকৰিলে আটকাধীন দুই যুৱক আৰু তেওঁলোকৰ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিছিল আলফা নেতাজনে। যোৰহাটৰ চাৰি স্থান নিৰ্বাচন কৰিছিল উক্ত গ্ৰেনেড বিস্ফোৰণৰ বাবে। 

আনহাতে, অচ্যুত গগৈ আৰু বিৰাজ কছাৰীয়ে বিহু পাছত আলফালৈ যোৱাৰ সম্ভাৱনা আছিল। গ্ৰেনেড বিস্ফোৰণত ব্যৱহাৰ কৰা বাইক বিৰাজ কছাৰীৰ সম্পকীয় লোকৰ আছিল বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিছে।

Category
Profile picture for user UB Photos