১ জানুৱাৰীৰ পৰাই সেউজীয়া হৈ পৰিব গুৱাহাটীৰ ৰাজপথ! কিন্তু কিয়?........

green city

গুৱাহাটীবাসী লৈ সুখবৰ! ১ জানুৱাৰীৰ পৰাই সেউজীয়া হৈ পৰিব গুৱাহাটীৰ ৰাজপথ। যিফালেই চকু যাব সেইফালেই দেখিব কেৱল সেউজীয়া। নৱবৰ্ষ প্ৰথম দিনটোতে গুৱাহাটীত চলিব সেউজীয়া বাছ। 

উল্লেখ্য যে, ২০০ খন সেউজীয়া বাছ চলিব গুৱাহাটী মহানগৰীত। ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সেউজীয়া বাছ। সেউজীয়া ৰঙৰ ইলেকট্ৰিক বাছত উঠি যাতায়াত কৰিব পাৰিব আপুনি। পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব বৰ্তমান চলি থকা ডিজেল বাছসমূহ।

বৰ্তমান সময়ত গুৱাহাটী হোৱা বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ ৰাখিয়েই ইলেকট্ৰিক বাছৰ প্ৰৱৰ্তন কৰা হ’ব। গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব এইসমূহ বাছ।

এইসমূহ বাছ টাটা আৰু অলেক্ট্ৰাই নিৰ্মাণ কৰিছে। সদ্যহতে ১০০খন বাছ চলাচলৰ বাবে সাজু কৰা গুৱাহাটীত। ২০২৪ৰ নৱবৰ্ষৰ প্ৰথম দিনটোত আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰা হ’ব সেউজীয়া বাছৰ। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ দিনা মহানগৰবাসীক উপহাৰ হিচাপে বাছসমূহ আনুষ্ঠানিকভাৱে কৰিব ফ্লেগ অফ। পৰৱৰ্তী সময়ত ১০০খন বাছ ফেব্ৰুৱাৰী মাহৰ ভিতৰত পৰ্যায়ক্ৰমে গুৱাহাটীৰ ৰাজপথত চলাচল কৰিব। 

এই ইলেক্ট্ৰিক বাছসমূহ চাৰ্জ কৰিবলৈ মহানগৰীৰ বিভিন্ন স্থানত অধিক চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনাও কৰিছে ASTCয়ে।

মুঠতে গুৱাহাটী বাসীয়ে নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই সেউজীয়া বাছত উঠি কৰিব পাৰিব ভ্ৰমণ। ডিজেল বাছৰ সলনি সেউজীয়া বাছৰ চলাচলে গুৱাহাটীৰ প্ৰদূষণৰ মাত্ৰা ৰোধ কৰাটো যঠেষ্ট সহায়ক হ’ব।

Category