APSC কেলেংকাৰী! ADC সুকন্যা বৰাৰ সম্পত্তিৰ তথ্য ফাদিল.......জানো আহক সবিশেষ...........

APSC

বৰ্তমান ক্ষিপ্ৰ গতিত চলিছে APSC কেলেংকাৰীৰ তদন্ত। ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়াক ধৰিছে SIT য়ে। তেনে সময়তে পোহৰলৈ আহিছে ADC সুকন্যা বৰাৰ পাহাৰ সদৃশ সম্পত্তিৰ তথ্য।

মাত্ৰ ৮ বছৰ চাকৰি কৰিয়েই সুকন্যা বৰাই গঢ়িলে ১০ কোটিৰো অধিক টকাৰ সম্পত্তি। গুৱাহাটীৰ লগতে মৰিগাঁৱতো বিশাল সম্পত্তি আছে সুকন্যা বৰাৰ। জ্যেষ্ঠ বিষয়াৰ আশীৰ্বাদত কোটিপতিৰ মালিক হ'বলৈ সক্ষম হয় ADC বিষয়া গৰাকী।

উল্লেখ্য যে, বৰ্তমান সুকন্যা বৰা কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে মৰিগাঁৱতো সুকন্যাই কাৰ্যনিৰ্বাহ কৰিছিল।

জানিব পৰা মতে, গুৱাহাটীৰ আমিনগাঁৱত কেইবা বিঘা মাটি থকাৰ লগতে মহানগৰীৰ বিভিন্ন চাৰি ঠাইত সুকন্যাৰ মাটি আৰু ফ্লেট আছে। দক্ষিণ শৰণীয়াত পৈত্ৰিক সম্পত্তিৰ লগতে জয়ানগৰত সুকন্যা বৰাৰ বিলাসী টেণ্ট হাউচ আছে বুলিও জানিব পৰা গৈছে। 

ইয়াৰোপৰিও, জয়ানগৰৰ চিণ্ডিকেট আৰকেভিয়া এপাৰ্টমেণ্টতো সুকন্যাৰ বিলাসী টেণ্ট হাউচ আছে। কেৱল জয়নগৰৰ ঘৰটোৰ মূল্যই ২ কোটি টকাৰো অধিক। টেণ্ট হাউচত আমদানি কৰা বিলাসী আচবাব পোৱা গৈছে।

উল্লেখ্য যে, ২০১৫ চনৰ ACS বিষয়া সুকন্যা বৰাই ৰাকেশ পালৰ আমোলত ACS হৈছিল বুলি অভিযোগ উত্থাপন হৈছে যদিও বৰ্তমানলৈ এই কেলেংকাৰীৰ অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ তালিকাত সুকন্যা বৰাৰ নাম সাঙোৰ খোৱা নাই। 

আনহাতে, সুকন্যা সাংসদ পুঁজিৰ নিৰ্মাণ সমিতিৰ সভানেত্ৰী আছিল। সুকন্যাৰ বিৰুদ্ধে ফাইলতে কাম হোৱা দেখুৱাই, পচন্দৰ ঠিকাদাৰক কোটি কোটি টকা মোকলাই দিয়াৰ অভিযোগ আছে। আয়ৰ বিপৰীতে অধিক সম্পত্তি থকাৰ অভিযোগত CM ভিজিলেঞ্চে সুকন্যাৰ সম্পত্তিত অভিযান চলায়।

দক্ষিণ শৰণীয়া আৰু জয়ানগৰৰ ঘৰত দলটোৱে অভিযান চলায়। ইতিমধ্যে CM ভিজিলেঞ্চে সুকন্যাৰ মৰিগাঁৱত থকা মাটিৰ নথি-পত্ৰ জব্দ কৰিছে। আনহাতে দক্ষিণ শৰণীয়া আৰু জয়ানগৰৰ ঘৰটো অভিযান চলাই নথি পত্ৰ জব্দ কৰিছে।

Category