প্ৰসংগঃ ARTICLE 370
সোমবাৰে চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠৰ
সোমবাৰেই নিৰ্ণীত জম্মু-কাশ্মীৰৰ ভৱিষ্যৎ
৪ বছৰ পূৰ্বে কেন্দ্ৰই বাতিল কৰিছিল সংবিধানৰ ৩৭০নং অনুচ্ছেদ
জম্মু আৰু কাশ্মীৰকো দুভাগ কৰি সৃষ্টি কৰিছিল দুই কেন্দ্ৰীয় শাসিত অঞ্চল
কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কেইবাখনো আবেদন উচ্চতম ন্যায়ালয়ত
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত সাংবিধানিক বিচাৰপীঠত চলে শুনানি
সোমবাৰৰ চূড়ান্ত ৰায়দানক লৈ তৎপৰ প্ৰশাসন
জম্মু-কাশ্মীৰত নিৰাপত্তা কটকটীয়া
সম্ভাব্য উত্তেজনা-হিংসাক লৈ সতৰ্কতা
উল্লেখ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলকৰণৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ সন্দৰ্ভত সোমবাৰে চূড়ান্ত ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে। সোমবাৰৰ দিনটো জম্মু-কাশ্মীৰৰ ভৱিষ্যতৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
সোমবাৰে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু জম্মু আৰু কাশ্মীৰক দুখন কেন্দ্ৰীয়শাসিত অঞ্চললৈ ভাগ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচৰাপীঠে চূড়ান্ত ৰায়দান কৰিব। এই বিচাৰপীঠৰ নেতৃত্বত আছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। বিচাৰপীঠৰ আন ন্যায়াধীশসকল হ’ল সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্ত। ১৬ দিনৰ শুনানিৰ অন্তত যোৱা ৫ ছেপ্টেম্বৰত এই সন্দৰ্ভত ৰায়দান স্থগিত ৰাখিছিল বিচাৰপীঠে।
ইফালে ৰাজ্যসভাতো আজি উত্থাপিত হ’ব জম্মু-কাশ্মীৰ সম্পৰ্কীয় দুখন বিধেয়ক। লোকসভাই অনুমোদন জনোৱাৰ পিছত সোমবাৰে জম্মু আৰু কাশ্মীৰ পুনঃগঠন (সংশোধনী) বিধেয়ক-২০২৩ আৰু জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক-২০২৩ দুখন ৰাজ্যসভাত দাখিল কৰা হ’ব।
- Log in to post comments