ফাঁট মেলিছে ইণ্ডি গোটবন্ধনত! ৬ ডিচেম্বৰৰ বৈঠকক লৈ অনিশ্চয়তা.............

India

ফাঁট মেলিছে ইণ্ডি গোটবন্ধনত
৬ ডিচেম্বৰৰ বৈঠকক লৈ অনিশ্চয়তা
বৈঠকত উপস্থিত নাথাকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী 
TMC মুৰব্বী মমতা বেনাৰ্জীৰ বৈঠকৰ নিমন্ত্ৰণ অস্বীকাৰ
সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱো নাহে বৈঠকলৈ
তামিলনাডুৰ মুখ্যমন্ত্ৰী এ কে ষ্টালিনৰো নিমন্ত্ৰণ প্ৰত্যাখ্যান
থৰক-বৰক দেশৰ বিৰোধী ঐক্য

উল্লেখ্য যে, সদ্যসমাপ্ত ৫ ৰাজ্যৰ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চ ইণ্ডি গোটবন্ধনৰ সহযোগী দলসমূহৰ প্ৰতি কংগ্ৰেছৰ আচৰণৰ ফল এতিয়া কংগ্ৰেছ দলে ভুগিব ধৰিছে। ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কাৰ্যতঃ উৎখাত হ’ল কংগ্ৰেছ দল।

পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ বহু পূৰ্বেই ইণ্ডি গোটবন্ধন গঠন হৈছিল যদিও পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে মৰ্চাৰ সলনি অকলেই নিৰ্বাচন খেলিবলৈ আগবাঢ়িলে। বিৰোধী ঐক্যৰ এজন গুৰুত্বপূৰ্ণ নেতা অখিলেশ যাদৱে মধ্যপ্ৰদেশৰ বাবে ৭খন আসন বিচাৰিছিল কংগ্ৰেছৰ পৰা। কিন্তু কংগ্ৰেছে সেয়া অস্বীকাৰ কৰিলে।

তেতিয়াৰে পৰা কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ প্ৰতি বিতুষ্ট হৈ আছিল সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ। চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত ইণ্ডি গোটবন্ধনলৈ মনত পেলোৱা কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে ফলাফল ওলোৱা ৩ ডিচেম্বৰৰ দিনাই আহ্বান জনালে ইণ্ডি গোটবন্ধনৰ বৈঠক। 

৬ ডিচেম্বৰত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিৰোধী পক্ষৰ ইগৰাকীৰ পিছত সিগৰাকী গুৰুত্বপূৰ্ণ নেতাই বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকিব বুলি কৰা ঘোষণাই গঠিত হোৱাৰ পূৰ্বে ইণ্ডি গোটবন্ধন ভংগ হোৱাৰ ইংগিত দিলে।
 

Category
Profile picture for user UB Photos