আজি সপ্তমী! দুৰ্গাৰ সপ্তম স্বৰূপ মা ‘কালৰাত্ৰি’, কেনেদৰে পূজা- অৰ্চনা কৰিব মা ‘কালৰাত্ৰি’ক.... জানো আহক.......

kalratri

আজি শাৰদীয় দুৰ্গা পূজাৰ সপ্তমী। দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। মহিষমৰ্দিনীৰ আৰাধনাৰে মুখৰ হৈ পৰিছে আকাশ-বতাহ। জাগ্ৰত শক্তিপীঠসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পূজাৰ সময়ৰ অনুকুল বতৰেও বৃদ্ধি কৰিছে উছাহ।

kalratri

উল্লেখ্য যে, আজি নৱৰাত্ৰিৰ সপ্তম দিন। আজি পূজা কৰা হয় মা দুৰ্গাৰ সপ্তম স্বৰূপ মা কালৰাত্ৰি দেৱীক। কালৰাত্ৰি হৈছে দৃষ্টিৰ দেৱী। তেওঁৰ দেহৰ ৰং ডাঠ আন্ধাৰৰ দৰে ক'লা। মা কালৰাত্ৰি শ্যামল বৰণৰ। মাৰ ডিঙিত বজ্ৰপাতৰ হাৰ এটা দোল আছে। কালৰাত্ৰিৰ বাহন হৈছে গাধ। তেওঁৰ অন্য এটি নাম হৈছে সুভাংকৰিণী। মা কালৰাত্ৰিয়ে অশুভ দমন, গ্ৰহৰ দুখ দূৰ কৰাৰ লগতে, ভক্তক অগ্নি, পানী, জীৱ-জন্তু, শত্ৰু আৰু ৰাতিৰ ভয়ৰ পৰা মুক্ত কৰে।

নৱৰাত্ৰিৰ সপ্তম দিনটো মা কালৰাত্ৰিৰ নামত উৎসৰ্গা কৰা হৈছে। এই দিনটোত নীলা বস্ত্ৰ পৰিধান কৰি মা কালৰাত্ৰিক পূজা কৰিব লাগে ৷ মা কালৰাত্ৰি দেৱীক গুৰ বা মিঠৈৰ দ্বাৰা তৈয়াৰী মিঠাই আদিও ভোগ লগোৱা হয়। মা কালৰাত্ৰী দেৱীক নীলা ফুল আৰু নীলা বস্ত্ৰ অৰ্পণ কৰা হয়। 

Category
Profile picture for user UB Photos