১৪ অক্টোবৰত মহালয়া: মহালয়াৰ বিষয়ে কিছু নজনা কথা জানো আহক........

durga

শাৰদীয় বতৰক আধ্যাত্মিকতাৰ পৰশ দিবলৈ সৰগৰ পৰা ধৰালৈ আহিব দেৱী দুৰ্গা। দেৱী বন্দনাৰ এই ভক্তিভৰা ক্ষণলৈ মাজত মাত্ৰ ৯ দিন বাকী। সমাজৰ অপশক্তিবোৰক উৎখাত কৰি দেৱী দুর্গাই কৰিব শান্তিৰ প্রতিষ্ঠা। মা দুৰ্গাক আদৰিবলৈ হাতত মাথোঁ ৯ দিন আছে যদিও দেৱীক আদৰবিলৈ ৰাইজে এতিয়াই দিন-ৰাতি একাকাৰ কৰি পেলাইছে। সমগ্ৰ ৰাজ্যত এতিয়া শাৰদীয় দুর্গোৎসৱৰ ব্যাপক প্রস্তুতি চলিছে।

durga

উল্লেখ্য যে, অহা ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব শাৰদীয় দুর্গোৎসৱৰ আৰম্ভণিৰ অনুষ্ঠান মহালয়া। লোক বিশ্বাস অনুসৰি মহিষাসুৰৰ অত্যাচাৰৰ পৰা পৃথিৱীবাসীক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে সৃষ্টি কৰিছিল দেৱী দুর্গাক। মহালয়াৰ পৱিত্ৰ দিনটোতেই মহিষাসুৰৰ সৈতে যুদ্ধ হৈছিল দেৱীৰ। সেয়ে মহালয়াৰ লগে লগেই শাৰদীয় দুর্গোৎসৱৰো আনুষ্ঠানিক আৰম্ভণি বুলি গণ্য কৰা হয়।

durga

সমগ্ৰ ৰাজ্যত এতিয়া ব্যস্ততাৰ অন্ত নাই চাৰিওফালে দুৰ্গাক আদৰিবলৈ সাজু সকলো। ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ পালন কৰা হব নৱৰাত্ৰিৰ। গতিকে সমগ্ৰ ৰাজ্যবাসীলৈ লৈ নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰা হল।

Category
Profile picture for user UB Photos