গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ, লগতে দুখনকৈ জিলাত বতৰ বিজ্ঞান কেন্দৰ Red Alert জাৰি.....

rain

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ। পুৱাৰে পৰা হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানী হোৱাৰ লগতে ভূমিস্খন হোৱাও দেখিবলৈ পোৱা গৈছে।

rain

আনহাতে, আজি ৰাজ্যৰ দুখন জিলাত IMDএ ৰঙা সতৰ্কতা জাৰি কৰিছে। ৩ খন জিলাত কমলা, ১৯ খন জিলাত হালধীতা সতৰ্কতা জাৰি কৰাৰ লগতে ৭খন জিলাত অৱশ্যে সেউজীয় তথা বৰষুণৰ সংকট নাই বুলি উল্লেখ কৰা হৈছে।

rain

উল্লেখ্য যে, IMD গুৱাহাটীৰ ৱেবচাইটৰ পৰা পোৱা তথ্য অনুসৰি আজি ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাছাৰ জিলাত অত্যধিক বৰষুণৰ আশংকাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে, বৰপেটা, চিৰাং আৰু কোকৰাঝাৰত কমলা সতৰ্কতা জাৰি কৰিছে IMDএ।

rain

ইয়াৰোপৰি, বঙাইগাওঁ, গোৱালপাৰা, বাক্সা, নলবাৰী, কাপৰূপ (গ্ৰাম্য), কামৰূপ(নগৰ), দৰং, পশ্চিম কাৰ্বি আংলং, নগাওঁ, কাৰ্ব আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ৰ বাবে IMDএ হালধীয়া সতৰ্কতা জাৰি কৰিছে। অৱশ্যে, মাজুলি, গোলাঘাট, শোণিতপুৰ, ওদালগুৰি, মৰিগাওঁ, হোজাই আৰু হাইলাকান্দিত বতৰ অনুকূল থাকিব অৰ্থাৎ IMDএ এই জিলাসমূহ সেউজীয়া ৰঙেৰে চিহ্নিত কৰিছে।

rain

আজি ৰাজ্যৰ প্ৰায় সকলো অংশতে বৰষুণ দিব। কোনো কোনো অংশত ধাৰাষাৰ বৃষ্টিপাত হ’ব আৰু কোনো অঞ্চলত বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনাও আছে। আকৌ, কোনো অঞ্চলত বৰষুণৰ পৰিমাণ কম হ’ব বুলি IMDৰ তথ্যত প্ৰকাশ পাইছে। 

Category
Profile picture for user UB Photos