অপেক্ষাত ISROৰ বিজ্ঞানী! হ’ব পাৰে চমৎকাৰ, শীতল চন্দ্ৰমাৰ বুকুত শুই পৰাৰ পিছতো জী উঠাৰ সম্ভাৱনা ৰ’ভাৰ প্ৰজ্ঞান........

ISRO

২৩ আগষ্টত চন্দ্ৰৰ বুকুত ভাৰতৰ চন্দ্ৰযান-৩ অৱতৰণ কৰাৰ পিছৰে পৰা চন্দ্ৰমাৰ বুকুত থকা বিভিন্ন ৰহস্যৰ সন্ধানত ঘূৰিছে ৰ’ভাৰ প্ৰজ্ঞান। ৰ’ভাৰ প্ৰজ্ঞানৰ প্ৰতিটো খোজক নজৰত ৰাখিছে লেণ্ডাৰ বিক্ৰমে। 

ইতিমধ্যে বহু তথ্যৰ সন্ধানো দিছে ভাৰতৰ চন্দ্ৰযান–৩ৰ ৰ’ভাৰ প্ৰজ্ঞানে। চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীলৈ চন্দ্ৰমাৰ বুকুত ঘণীভূত হৈ থকা কেতিয়াও ভেদ নোহোৱা ৰহস্যৰ তথ্য প্ৰেৰণ কৰিছে। চন্দ্ৰপৃষ্ঠত ছালফাৰ, অক্সিজেনৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে ৰ’ভাৰ প্ৰজ্ঞানে। আৰু ইতিমধ্যেই বিক্ৰম আৰু প্ৰজ্ঞানে প্ৰেৰণ কৰা ফটো আৰু ভিডিঅ’ ISRO ৱে চ'ছিয়েল মিডিয়াৰ যোগে শ্বেয়াৰও কৰিছে।

ISRO

চন্দ্ৰপৃষ্ঠত চন্দ্ৰৰ হিচাপত ১ চন্দ্ৰদিন আৰু পৃথিৱীৰ হিচাপত ১৪ দিন থাকিব লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান। পৃথিৱীৰ হিচাপত চন্দ্ৰপৃষ্ঠত ১৪ দিন থাকি বহু ৰহস্যৰ উদঘাটনৰ চেষ্টা কৰিব বিক্ৰম–প্ৰজ্ঞানে।

কিন্তু সঁচাকৈ ১৪ পৃথিৱী দিন পিছত নিষ্ক্ৰিয় হৈ পৰিব নেকি বিক্ৰম আৰু প্ৰজ্ঞান? নে চন্দ্ৰনিশাৰ পিছত পুনৰ সাৰ পাব ভাৰতৰ মান বিশ্বৰ বুকুত জিলিকাই তোলা বিক্ৰম আৰু প্ৰজ্ঞান!

ISRO

ISROৰ বিজ্ঞানীয়ে দিয়া তথ্য মতে, চন্দ্ৰপৃষ্ঠত ১ চন্দ্ৰদিন কাম কৰিব বিক্ৰম আৰু প্ৰজ্ঞানে। কিন্তু ১৪ দিনৰ ঘোৰ অন্ধকাৰৰ পিছত পুনৰ সূৰ্যৰ পোহৰৰ পৰশত প্ৰাণ পাই উঠাৰ সম্ভাৱনাও নুই কৰা নাই ইছৰোৱে। যদিহে সেয়া সম্ভৱ হয়, তেন্তে ISRO আৰু ভাৰতৰ বাবে হ'ব এক আশাৰ বতৰা। বিজ্ঞানৰ বাবে হ'ব এক বোনাছ পইণ্ট।

ইতিমধ্যে চন্দ্ৰযান–৩য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা আজি দশম দিন। আৰু ৪ দিন চন্দ্ৰপৃষ্ঠত থাকিব সূৰ্যৰ পোহৰ, অৰ্থাৎ দিন হৈ থাকিব। তাৰ পিছত চন্দ্ৰপৃষ্ঠলৈ নামিব ঘোৰ অন্ধকাৰ। এই সময়ছোৱাত নিষ্ক্ৰিয় হৈ পৰিব প্ৰজ্ঞান, যিহেতু ছ’লাৰ পেনেলৰ জৰিয়তে পৰিচালিত হয় প্ৰজ্ঞান। নিশা নমাৰ লগে লগে চন্দ্ৰমাৰ বুকুত নিষ্ক্ৰিয় হৈ পৰিব প্ৰজ্ঞান আৰু বিক্ৰম।

যদিহে ISROৰ বিজ্ঞানীয়ে আশা কৰা ধৰণে হয়, তেন্তে ১৫ দিনৰ পিছত নতুন পুৱা পুনৰ সক্ৰিয় হৈ উঠিব পাৰে প্ৰজ্ঞান–বিক্ৰম। আৰু সেয়া হ’ব ভাৰতৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে, বিজ্ঞানৰ বাবে এক চমৎকাৰ। 

Category
Profile picture for user UB Photos