ISROৰ আন এক জয়! চন্দ্ৰপৃষ্ঠত নিশ্চিত হ'ল অক্সিজেনৰ উপস্থিতি.......

ISRO

দেশবাসীলৈ ISROৰ এক ভাল খবৰ! চন্দ্ৰৰ দক্ষিণ মেৰুত সাফল্য চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানৰ অভিযান। চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত নিশ্চিত কৰিছে অক্সিজেনৰ উপস্থিতি।

ISRO

উল্লেখ্য যে, চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত পৰীক্ষণৰ জৰিয়তে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোত অক্সিজেনৰ উপস্থিতি নিশ্চিত হৈছে বুলি ISROৱে মঙলবাৰে প্ৰকাশ কৰিছে। লগতে প্ৰজ্ঞানে চন্দ্ৰত ছালফাৰ, কেলচিয়াম আৰু আইৰণৰ উপস্থিতিও নিশ্চিত কৰিছে। এই সাফল্যৰ পিছত ৰভাৰ প্ৰজ্ঞানে এতিয়া হাইড্ৰ'জেনৰ সন্ধানত নামি পৰিছে।

ISROয়ে জনোৱা মতে, চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানত থকা লেজাৰ-ইণ্ডিউচড ব্ৰেকডাউন স্পেকট্ৰস্কপি যন্ত্ৰৰ দ্বাৰা এই পৰীক্ষণ কৰা হৈছে। আনহাতে, গ্রাফিকভাৱে প্ৰতিনিধিত্ব কৰা প্ৰাথমিক বিশ্লেষণত চন্দ্ৰপৃষ্ঠত এলুমিনিয়াম (Al), ছালফাৰ (S), কেলচিয়াম (CA), আইৰণ (Fe), ক্ৰমিয়াম (Cr) আৰু টাইটেনিয়াম (Ti)ৰ উপস্থিতি নিশ্চিত হৈছে।

 isro

পৰৱৰ্তী পৰীক্ষণত মেঙ্গানিজ (Mn), চিলিকন (Si), আৰু অক্সিজেন (O)ৰ উপস্থিতিও ধৰা পৰা বুলি উল্লেখ কৰি ইছৰোৱে লগতে এতিয়া হাইড্ৰজেনৰ উপস্থিতি সম্পৰ্কে পুংখানুপুংখ অনুসন্ধান চলি আছে বুলি জানিবলৈ দিয়ে।

Category
Profile picture for user UB Photos