আপোনাৰ ঘৰতো টকা-পইচাৰ অভাৱ হৈছে নেকি? যদি হৈছে তেন্তে আজিয়েই ঘৰৰ পৰা আতৰ কৰক এইকেইবিধ বস্তু; পিছে জানো আহক কি কি?

money

বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো বস্তুতে ইতিবাচক আৰু নেতিবাচক দুয়োটাই শক্তি থাকে। যিয়ে ঘৰখনৰ মানুহখিনিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়।

ইতিবাচক শক্তিয়ে ঘৰলৈ যেনেকৈ সুখ আৰু সমৃদ্ধি আনে। ঠিক তেনেদৰে ঋণাত্মক বা নেতিবাচক শক্তিয়ে জীৱনলৈ বহু সমস্যাৰ আগমন ঘটায়।

সেয়েহে ঘৰত যিকোনো বস্তু থওঁতে সদায়েই সচেতন হ’ব লাগে। এই কথাটোত গুৰুত্ব দিয়েই কিছুমান সামগ্ৰী তৎক্ষণাৎ ঘৰৰ পৰা আঁতৰাব লাগে। অন্যথা আপোনাৰ আৰ্থিক অৱস্থা অধিক বেয়াৰ ফালে গতি কৰিব পাৰে।

গতিকে আহক জানি লওক কি কি বস্তু আজিয়েই ঘৰৰ পৰা বাহিৰ কৰিব লাগিব -


১. যদি আপোনাৰ ঘৰত ভঙা কাঁচৰ আইনা আছে ,তেন্তে আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক। লগতে আপোনাৰ ঘৰৰ খিৰিকীও যদি কেনেবাকৈ ভাঙিছে, তেন্তে সোনকালে সলনি কৰক। ভঙা কাঁচে নেতিবাচক শক্তিক আকৰ্ষণ কৰে।

broken mirror

২. যদি আপোনাৰ ঘৰৰ মন্দিৰত ভগৱানৰ ফটা ফটো বা ভঙা মূৰ্তি আছে, তেন্তে সেইবোৰ আজিয়েই আঁতৰাওক। ই আপোনাৰ টকা-পইচা অভাৱ কৰোৱায়।

broken murti

৩. যদি কপৌ চৰায়ে আপোনাৰ ঘৰত বাঁহ সাজিছে, তেন্তে লগে লগে আঁতৰাওক। ই ঘৰৰ সদস্যৰ অৰ্থনৈতিক প্ৰগতিত বাধা দিয়ে।

nest

৪. যদি ফটা আৰু পুৰণি কাপোৰ ঘৰত থাকে, তেন্তে ই শুক্ৰ গ্ৰহত অশুভ প্ৰভাৱ পেলায়। ইয়াৰ ফলত জীৱনত বিত্তীয় সমস্যা হয়। সেয়েহে ঘৰত ফটা আৰু পুৰণি কাপোৰ ভুলতো নাৰাখিব।

old cloths

৫. ফটা আৰু পুৰণি জোতাও ঘৰত নাৰাখিব। কিয়নো এইসমূহ ঘৰত থাকিলে ঘৰৰ সদস্যসকলে বিভিন্ন ধৰণৰ বিবাদৰ সন্মুখীন হ’বলগীয়া হয় আৰু বিত্তীয় পৰিস্থিতিৰ ওপৰতো ই বেয়া প্ৰভাৱ পেলায়।

shoe

৬. ঘৰত কাঁইটীয়া উদ্ভিদ থকাটোও বাস্তুৰ মতে অশুভ বুলি গণ্য কৰা হয়। এনে উদ্ভিদে ধন সম্পৰ্কীয় সমস্যাৰ লগতে অন্যান্য সমস্যাও বৃদ্ধি কৰে।

tree

৭. ঘৰত বেয়া তলা থকাতোও অশুভ বুলি গণ্য কৰা হয়। কিয়নো বেয়া তলাই ঘৰৰ সদস্যৰ প্ৰগতিত বাধা দিয়ে।

lock

Category
Profile picture for user UB Photos