ভাৰতৰ চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ চন্দ্ৰৰ অতি ওচৰ পালেগৈ। লেণ্ডাৰটোত থকা অত্যাধুনিক কেমেৰাটোৱে চন্দ্ৰপৃষ্ঠৰ শেহতীয়া ছবিও প্ৰেৰণ কৰিছে। যাৰ ভিডিঅ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নিজৰ টুইটাৰ একাউন্টত একাউণ্টত শ্বেয়াৰ কৰিছে। ইয়াৰ পূৰ্বে ISROই বৃহস্পতিবাৰে কয় যে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউল আৰু প্ৰপালচন মডিউল সফলতাৰে পৃথক কৰা হৈছে। লেণ্ডাৰ (বিক্ৰম) আৰু ৰভাৰ (প্ৰজ্ঞান)ৰে গঠিত লেণ্ডাৰ মডিউলটোৱে এতিয়া কক্ষপথত আৰু অধিক নামিবলৈ সাজু হৈছে, যাৰ ফলত ইয়াক চন্দ্ৰপৃষ্ঠৰ ওচৰলৈ লৈ যাব। চন্দ্ৰৰ দক্ষিণ মেৰুত ২৩ আগষ্টত ‘নৰম অৱতৰণ’ হোৱাৰ সম্ভাৱনা আছে।
চন্দ্ৰযান-৩, ১৪ জুলাইত উৎক্ষেপণৰ পিছত ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। প্ৰপালচন আৰু লেণ্ডাৰ মডিউল পৃথক কৰাৰ অনুশীলনৰ পূৰ্বে ইয়াক ৬, ৯, ১৪ আৰু ১৬ আগষ্টত চন্দ্ৰৰ কক্ষপথত নমাই অনাৰ চেষ্টা কৰা হৈছিল, যাতে ই চন্দ্ৰপৃষ্ঠৰ ওচৰলৈ আহিব পাৰে। এতিয়া ২৩ আগষ্টত চন্দ্ৰত ইয়াৰ ‘নৰম অৱতৰণ’ কৰাৰ প্ৰয়াস কৰা হ’ব।
ইয়াৰ পূৰ্বে ১৪ জুলাইৰ উৎক্ষেপণৰ পিছত যোৱা তিনি সপ্তাহত পাঁচটাতকৈ অধিক পদ্ধতিৰে ISROই চন্দ্ৰযান-৩ক পৃথিৱীৰ পৰা আঁতৰত আৰু অধিক কক্ষপথলৈ বুষ্ট কৰিছিল। ১ আগষ্টত এক গুৰুত্বপূৰ্ণ অনুশীলনত মহাকাশযানখন পৃথিৱীৰ কক্ষপথৰ পৰা চন্দ্ৰৰ ফালে সফলতাৰে প্ৰেৰণ কৰা হয়।
চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উচ্চতাৰ পৰা চন্দ্ৰত অৱতৰণ কৰিব এই লেণ্ডাৰখন। নৰম অৱতৰণৰ পিছত ছয়চকীয়া ৰভাৰখনে ইজেকচন কৰি চন্দ্ৰপৃষ্ঠত এটা চন্দ্ৰ দিনৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাব, যিটো ১৪ পৃথিৱী দিনৰ সমান।
প্ৰায় ৬০০ কোটি টকা ব্যয় সাপেক্ষে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ মূল উদ্দেশ্য হৈছে লেণ্ডাৰটো লাহে লাহে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা। ১৪ জুলাইত LVM3 ৰকেটৰ সহায়ত চন্দ্ৰযান-৩ পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হৈছিল। ১ আগষ্টত মহাকাশযানখনে পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰলৈ দীঘলীয়া যাত্ৰাত নামি পৰে।
- Log in to post comments