চাণক্যৰ নীতিঃ এই তিনিটা কথা গোপনে ৰাখক আৰু নিজকে দিয়ক চতুৰতাৰ পৰিচয়! পিছে জানো আহক কি সেই তিনিটা কথা?......

chanakya

ভাৰতীয় সমাজ জীৱনত আটাইতকৈ দাৰ্শনিক পণ্ডিতগৰাকী হৈছে আচাৰ্য চাণক্য। অতীজৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়তো ভাৰতীয় সমাজৰ সৰ্বস্তৰত প্ৰচলিত আচাৰ্য চাণক্যৰ বচন। আচাৰ্য চাণক্যৰ নীতি বচন অনুসৰণ কৰি বহু ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিছে।

চাণক্যৰ মতে, চতুৰ মানুহে সদায় কিছু কথা গোপনে ৰাখে। তেন্তে আজি জানো আহক সেই বিষয়ে - 

১. পত্নীৰ চৰিত্ৰ - 

চাণক্যৰ মতে, চতুৰ মানুহে কেতিয়াও নিজ পত্নীৰ চৰিত্ৰৰ কথা বেলেগৰ আগত উপস্থাপন নকৰে। লাগিলে সেয়া নিজ পৰিয়ালৰ সন্মুখতে নহওঁক কিয়! 

কিয়নো, যদি স্বামীয়ে আনৰ আগত নিজ পত্নীৰ কটু ব্যৱহাৰ কৰে, তেন্তে সেয়া হৈ পৰে হাঁহিৰ পাত্ৰ। সেয়েহে চতুৰ মানুহে এই কাম কৰাৰ পৰা সদায় বিৰত থাকে।

২. আৰ্থিক অৱস্থা -

চাণক্যৰ মতে, চতুৰ মানুহে তেওঁৰ আৰ্থিক অৱস্থাৰ কথা কেতিয়াও আনৰ সন্মুখত নকয়। কিয়নো এনে কৰাৰ ফলত ধনী-দুখীয়াৰ মাজত ভেদাভেদৰ সৃষ্টি হ'ব পাৰে। সেয়েহে চতুৰ মানুহে সকলো কথা ভাবি-চিন্তি উপস্থাপন কৰে।

৩. নিজক কৰা অপমান -

চাণক্যৰ মতে, চতুৰ মানুহে কেতিয়াও নিজক কৰা অপমানৰ কথা বেলেগৰ আগত উপস্থাপন নকৰে। কিয়নো এনে কৰিলে তেওঁ হাঁহিৰ পাত্ৰ হোৱাৰ লগতে নিজৰ আত্মসন্মানো হেৰুৱাব লগা হ'ব পাৰে।
 

Category
Profile picture for user UB Photos