মাত্ৰ কেইটামান দিনৰ পাছতে ভাৰতে ৰচিব ইতিহাস! আজি চন্দ্ৰৰ চতুৰ্থ কক্ষপথত প্ৰৱেশ কৰিব চন্দ্ৰযান–৩.....

chandrayan

চন্দ্ৰৰ দেশত ত্ৰিৰংগা উৰুৱাবলৈ ৰাওনা হোৱা ভাৰতৰ চন্দ্ৰযান–৩ ৰ আজি সম্পূৰ্ণ এমাহ পাৰ হ’ল। চন্দ্ৰযান–৩য়ে সফলভাৱে চন্দ্ৰৰ কক্ষপথত ঘূপৰি আছে। আজি চন্দ্ৰৰ চতুৰ্থ কক্ষপথত প্ৰৱেশ কৰিব চন্দ্ৰযান–৩।

আজিৰে পৰা ৯ দিন পিছত অৰ্থাৎ ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–৩য়ে। কিন্তু আজি ১৪ আগষ্টৰ দিনটো চন্দ্ৰযান–৩ৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ISRO)ই ১৪ আগষ্টত পুনৰ এবাৰ চন্দ্ৰয়ান–৩ৰ কক্ষপথ হ্ৰাস কৰিব। এইদৰে চন্দ্ৰযান–৩ আজি চন্দ্ৰৰ চতুৰ্থ কক্ষপথত প্ৰৱেশ কৰিব।

chandrayan

উল্লেখযোগ্য যে পূৰ্বে এই প্ৰয়াস ৯ আগষ্টত কৰা হৈছিল। ইয়াৰ পিছত মহাকাশ যানৰ কক্ষপথ 174 km x 1,437 kmলৈ হ্ৰাস হৈছিল। চন্দ্ৰযান–৩য়ে ৫ আগষ্টত সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। এতিয়া ডি–অৰ্বিটিং ১৬ আগষ্টত কৰা হ’ব।

উল্লেখযোগ্য যে চন্দ্ৰযান–৩য়ে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব আৰু ১৪ দিন ধৰি কাম কৰিব। চন্দ্ৰযান–৩, চন্দ্ৰযান–২ৰ পৰৱৰ্তী মিছন। ইয়াৰ উদ্দেশ্য চন্দ্ৰপৃষ্ঠত সুৰক্ষিত অৱতৰণ আৰু আৰম্ভণিৰ পৰা শেষলৈ ক্ষমতা প্ৰদৰ্শন কৰা।

বিগত সপ্তাহত ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কৈছিল যে চন্দ্ৰযান–৩ৰ বিক্ৰম লেণ্ডাৰে ২৩ আগষ্টত চন্দ্ৰমাৰ বুকুত ছফ্ট লেণ্ডিং কৰিব। সোমনাথে আৰু কয় যে চন্দ্ৰযান–৩ৰ সকলো ছেঞ্চৰ বা ইঞ্জিন বিফল হ’লেও লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত উচিত লেণ্ডিং কৰিব। সোমনাথে কয় যে লেণ্ডাৰ ‘বিক্ৰম’ক এনেদৰে বনোৱা হৈছে যে ই বিফলতাক চম্ভালিবলৈ সক্ষম হ’ব।

Category