ভাৰতীয় ইতিহাসত পোনপ্ৰথমবাৰ “বলাৎকাৰ”ৰ মিছা অভিযোগ অনা মহিলাৰ বিৰুদ্ধে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছে। আইপিছি (IPC)ৰ ধাৰা ১৯৪ৰ আধাৰত মিছা প্ৰমাণ দিয়াক লৈ এটা গোচৰৰ শুনানি গ্ৰহণ কৰাৰ লগতে যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।
৯ আগষ্টৰ দিনা উচ্চতম ন্যায়ালয়ে দিলে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা পুৰুষৰ বিৰুদ্ধে বলাৎকাৰৰ ভুৱা অভিযোগ অনা মহিলাৰ বিৰুদ্ধেও লোৱা হ’ব কঠোৰ ব্যৱস্থাপনা। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গোভাই আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি, গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।
লগতে বিচাৰপীঠে কয় যে, মহিলাৰ বিৰুদ্ধে কৰা কু-কাৰ্যৰ সৈতে জড়িত থকা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো যিমান জৰুৰী, তেনেদৰে ভুৱা ধৰ্ষণৰ গোচৰত অভিযুক্ত পুৰুষক দোষমুক্ত কৰাটোও সমানেই জৰুৰী।
গতিকে বিচাৰপীঠে সকলো আদালতক নিৰ্দেশ প্ৰদান কৰে যে পুৰুষৰ বিৰুদ্ধে ৰুজু হোৱা ধৰ্ষণৰ গোচৰবোৰ ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি বিচাৰ প্ৰক্ৰিয়া চলাবলৈ।লগতে বিচাৰপীঠে কয় যে, পুৰুষৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা মহিলাই যিমান মানসিক কষ্ট আৰু অপমান সহ্য কৰিবলগীয়া হয়, ঠিক তেনেদৰে পুৰুষৰ বিৰুদ্ধে উঠা ধৰ্ষণৰ ভুৱা অভিযোগৰ বাবেও পুৰুষে সমানে অপমান সহ্য কৰিবলগীয়া হয়। গতিকে আদালত আৰু আৰক্ষীৰ দায়িত্ব হৈছে এনে লোকক বচাবলৈ চেষ্টা কৰা।
ইফালে যিসকলে মহিলাই ধৰ্ষণৰ ভুৱা অভিযোগ আনে তেওঁলোকক জামিনবিহীন আৰু আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব। লগতে ১০ বছৰতকৈ কম নহ’ব শাস্তি।
- Log in to post comments