Ramesh Kumar Gogoi

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলৰ বাবে মুকলি কৰা হৈছে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া।

পৰ্যটকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাফাৰিৰ বাবে নিজে টিকট বুক কৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব পাৰিব।

বিভাগীয় বন বিষয়া (ডিএফঅ') ৰমেশ কুমাৰ গোঁহাইয়ে কাজিৰঙাৰ মিহিমুখত অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

"স্থানীয় আৰু বিদেশী পৰ্যটকসকলে www.kazirangasafari.in ৱেবছাইটৰ জৰিয়তে আগতীয়াকৈ টিকট বুক কৰি চাফাৰী কৰিব পাৰিব" বুলি বিষয়াজনে কয়।