Literature Nobel Winner

২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা। বৃহস্পতিবাৰে ছুইডেনৰ ষ্টকহমত ছুইডিছ একাডেমীৰ স্থায়ী সচিব মেটছ মালমে ঘোষণা কৰামতে ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে ফৰাচী লেখিকা এনি আৰন’ক্সে। ৮২ বছৰীয়া আৰন’ক সাহস আৰু নিদানিক তীক্ষ্ণতাৰ বাবে এই বঁটা প্ৰদান কৰে। তেওঁৰ লেখনিৰ জৰিয়তে ব্যক্তিগত স্মৃতিৰ শিপা, বিচ্ছিন্নতা আৰু সামূহিক সংযম উন্মোচন কৰাৰ বাবে এই বঁটা প্ৰদান কৰা বুলি নোবেল সমিতিয়ে উল্লেখ কৰিছে। উল্লেখ্য যে ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বুধবাৰে ঘোষণা কৰা হয়।