goalpara pradip rabha death


শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ পূজা মণ্ডপৰ ভিতৰত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। কৃষ্ণাইৰ বাবুপাৰৰ স্পোৰ্টিং ক্লাৱৰ উদ্যোগত অনুষ্ঠিত দুৰ্গাপূজাৰ পূজামণ্ডপৰ ভিতৰতে মৃত্যুক সাৱটি লয় প্ৰদীপ ৰাভা নামৰ লোকজনে। কৃষ্ণাইৰ বাবুপাৰ পূজাৰ পুৰোহিতৰ সহযোগী আছিল প্ৰদীপ ৰাভা। মৃত প্ৰদীপ ৰাভা কৃষ্ণাইৰ নিকটৱৰ্তী ভেলাখামাৰ গাঁৱৰ নিবাসী। বৰ্তমান এই ঘটনাই সমগ্ৰ কৃষ্ণাই অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷