Asha Parekh

ঘোষিত হ’ল ২০২২ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা। বলিউডৰ মোহময়ী অভিনেত্ৰী আশা পাৰেখে লাভ কৰে ২০২২ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা। কাতি পাটাং, আন মিলো সাজনাৰ দৰে ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীক ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

 

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰে এই তথ্য। ৬০-৭০ৰ দশকত নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰে অনুৰাগীৰ হৃদয়ত জয় কৰিছিল আশা পাৰেখে।