Mouna Uth Mukhar Hridoy

‘মোন ওঁঠ মুখৰ হৃদয়’ স্ৰষ্টা য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হয় এইবাৰৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। অহা ২৪ ছেপ্টেম্বৰত নগাঁৱত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰদান কৰিব এই বঁটা।

 

নগাঁৱৰ অন্যতম অগ্রণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে অসম-অৰুণাচল প্রদেশৰ  সাংস্কৃতিক সম্প্ৰীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ। অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাবিদ্যালয়ৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।