Animal Laws in India

ৰাজস্থানত সংঘটিত হয় এক অমানৱীয় ঘটনা। এটা কুকুৰক শিকলিৰে মুখ বান্ধি গাড়ীত টানি টানি চহৰখন ঘূৰি ফুৰিলে এজন চিকিৎসকে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

 

উল্লেখ্য যে, দেওবাৰে ৰাজস্থানৰ যোধপুৰৰ এজন চিকিৎসকে এটা কুকুৰক মুখত শিকলিৰে বান্ধি গাড়ীত টানি টানি লৈ যোৱাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই ভিডিঅ’। এই ঘটনা সংঘটিত হোৱাৰ পিছতে চিকিৎসকজনৰ বিৰুদ্ধে ৰুজু হৈছে পশু নিৰ্যাতনৰ গোচৰ।