Queen Elizabeth Death

৯৬ বছৰ বসয়ত মৃত্যু ৰাণী এলিজাবেথৰ। মৃত্যু নিশ্চিত কৰিলে বাকিংহাম পেলেচে৷ বিগত সময়ছোৱাত তেওঁৰ অসুস্থতাৰ বাতৰি প্ৰকাশ পাইছিল ৷ অৱশেষত মৃত্যু নিশ্চিত কৰিলে ৰাজপৰিয়ালৰ সূত্ৰই ৷

ৰাজপৰিয়ালৰ তৰফৰ পৰা এক টুইটযোগে আনুষ্ঠানিকভাৱে ৰাণী এলিজাবেথৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰা হয়৷ ১৯৫২ চনৰ পৰা মৃত্যু পৰ্যন্ত শাসন কৰিছিল এলিজাবেথে৷ বিগত ৭০ বছৰে ৰাজত্ব কৰিছিল এলিজাবেথে, বৃটিছৰ ইতিহাসৰ দীঘলীয়া সময় ৰাজত্ব কৰিছিল এলিজাবেথে৷ বিশ্বৰ সৰ্বাধিক শাসনকাল চলোৱা শাসকৰ অভিলেখ ৰচি থৈ গ’ল ৰাণী দ্বিতীয় এলিজাবেথে৷ বৰ্তমান ৰাজকুমাৰ চাৰ্লছ হ’ল ইংলেণ্ডৰ নতুন ৰজা।