Arshdeep Trolled

দেওবাৰে এছিয়া কাপ ২০২২ চুপাৰ ৪ খেলত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটো চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ হাতত পাঁচ উইকেটত পৰাজিত হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত যুৱ টীম ইণ্ডিয়াৰ পেচাৰ অৰ্শদীপ সিঙ নিৰ্মমভাৱে ট্ৰ'লৰ সন্মুখীন হৈছে। 

শ্বাসৰুদ্ধকৰ খেলখনত অৰ্শদীপে পাকিস্তানৰ বেটাৰ আচিফ আলীৰ এটা সহজ কেচ ড্ৰপ কৰিছিল, সেই কেচটোৰ ওপৰতে খেলখন নিৰ্ধাৰণ হৈ আছিল যাৰ পিছতে এতিয়া খেলুৱৈজনে সন্মুখীন হৈছে ট্ৰ'লৰ।

পাঞ্জাৱ কিংছৰ বাওঁহাতৰ পেচাৰজনে ইনিংছৰ অন্তিম অভাৰত আচিফ আলীক আউট কৰি কৰিবলৈ সক্ষম হৈছিল যদিও ইতিমধ্যে খেলখন হাতৰ পৰা ওলাই গৈছিল।