ডিব্ৰুগড় জিলাৰ লেপেটকাটাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল)ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
সূত্ৰঅনুসৰি, বিচিপিএলৰ ৰৈখিক নিম্ন-ঘনত্বৰ পলিথিন (এলএলডিপিই) গোটত জুইৰ সূত্ৰপাত হয়।
তথ্য অনুসৰি, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
ঘটনাটো পুৱা প্ৰায় ১.৩০ বজাত সংঘটিত হয় আৰু এঘণ্টাতকৈও অধিক সময় ধৰি চলে। ফলত কেইবা লাখ টকাৰ সম্পত্তি ধ্বংস হয়।
কেইবাখনো বিচিপিএল অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ আহে যদিও দুঘণ্টাতকৈও অধিক সময়ৰ পিছতহে জুই নুমোৱাবলৈ সক্ষম হয়।
- Read more about ডিব্ৰুগড়ৰ বিচিপিএলত ভয়ংকৰ অগ্নিকাণ্ড!
- Log in to post comments