Nigeria

দক্ষিণ-পূব নাইজেৰিয়াৰ এটা অবৈধ তেল শোধনাগাৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত নিহত হয় এশজনৰো অধিক লোক। আন বহুতৰে এতিয়াও সন্ধান পোৱা হোৱা নাই।

বিস্ফোৰণ ইমানেই ভয়াবহ আছিল যে, এতিয়াও গৰাকী বিহিন জ্বলি যোৱা কেইবাটাও মৃতদেহ মাটিত পৰি আছে। আনকি বহু মৃতদেহ এতিয়াও গছত ওলমি আছে।

বিস্ফোৰণৰ ফলত অকল শোধনাগাৰতে নহয়. শোধনাগাৰৰ আশে পাশে থকা বিভিন্ন সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে।
এতিয়াও মৃত্যুৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই।