Rajasthan High Court

পত্নীক অন্তঃসত্বা কৰিবলৈ আদালতে কাৰাগাৰৰ কয়দীক দিলে ছুটী। পত্নীৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিবৰ বাবেই কয়দীক আদালতে দিলে ১৫ দিনৰ ছুটী। এই আচহুৱা ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

 

ৰাজস্থান উচ্চ ন্যায়ালয়ে এজন কাৰাবন্দীক সাময়িকভাৱে অব্যাহতি প্ৰদান কৰে। নিজৰ পত্নীক গৰ্ভৱতী কৰিবৰ বাবেই আদালতে লোকজনক ঘৰলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰে। উল্লেখ্য যে, তেখেতৰ পত্নীয়ে তেওঁৰ 'সন্তানৰ অধিকাৰ' দাবী কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাৰ পাছতেই আদালতে লোকজনক ১৫ দিনৰ বাবে ঘৰলৈ যাবলৈ অনুমতি দিয়ে।