বিশ্বৰ আগশাৰীৰ গাড়ী নিৰ্মাণকাৰী উদ্যোগ টাটা মটৰচৰ নতুন গাড়ীত স্থান পালে অসমে! গঁড়ৰ প্ৰতীকেৰে উলাল ‘আনটেমড কাজিৰঙা এডিচন’।
অত্যাধুনিক এছ ইউ ভি ব্ৰেণ্ডৰ টাটা মটৰছৰ গাড়ী অচিৰেই বজাৰত মুকলি হ’ব৷ কিন্তু গুৰুত্বপুৰ্ণ কথাটো হ’ল যে, অত্যাধুনিক গাড়ীখনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গঁড়ৰ লগতে ইয়াৰ বৈচিত্ৰ্যপুৰ্ণ বন্যপ্ৰাণীৰ প্ৰতি শ্ৰদ্ধা জনাই টাটা মটৰছে নতুন মডেলৰ এই গাড়ীখনৰ নাম আনটেমড কাজিৰঙা এডিচন বুলি নামকৰণ কৰিছে ৷