Say No to Drinks

এইবাৰ বিহাৰত চলোৱা হ’ব মদ এৰা মানুহৰ পিয়ল।

বিহাৰত মদ নিষিদ্ধ কৰাৰ পিছত কিমানে ত্যাগ কৰিলে সুৰাপান তাৰ তথ্য লাগে চৰকাৰক। ইয়াৰ আগতে পিয়লত ১.৬৪ কোটি লোকে মদ এৰাৰ তথ্য পোহৰলৈ আহিছিল। 

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজহুৱাভাৱে সদৰী কৰে এই কথা। মদ এৰা লোকে বিশেষ চৰকাৰী সা-সুবিধা পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১৬ চনৰ এপ্ৰিলত বিহাৰত সুৰা নিষিদ্ধকৰণ কাৰ্যকৰী হৈছিল।