Miram Taran

অৱশেষত চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰ মিৰাম টাৰণক।

চীনৰ সামৰিক বাহিনী PLAই আজি হস্তান্তৰ কৰে কিশোৰজনক। ১৮ জানুৱাৰীত অপহৃত হৈছিল মিৰাম। মিৰাম টাৰণ নামৰ কিশোৰজনক সীমান্তৰ পৰা কৰায়ত্ত কৰিছিল PLA-এ।

আজি অৰুণাচল সীমান্তত সেনাক চমজাই দিয়ে মিৰাম টাৰণক। বৰ্তমান চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

১৮ জানুৱাৰীত অপহৃৰণৰ পিছতে ১৯ জানুৱাৰীত টুইটাৰযোগে অৱগত কৰিছিল অৰুণাচল পূবৰ সাংসদ টাপিৰ গাৱে। ভাৰত চৰকাৰে মুকলি কৰিবলৈ দাবী জনোৱাৰ পিছতে চীনৰ এইদৰে সঁহাৰি।