Delhi Covid

দিল্লী চৰকাৰে বৃহস্পতিবাৰে ৰাজধানী চহৰখনত সাপ্তাহিক কাৰ্ফিউ প্ৰত্যাহাৰ কৰে।

দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰৱৰ্তী বৈঠকত বিদ্যালয়সমূহ পুনৰ খোলাৰ বিষয়টো আলোচনা কৰা হ'ব।

উল্লেখ্য় যে, চৰকাৰে সৰ্বাধিক ২০০ জন লোক বা ৫০ শতাংশ ক্ষমতাৰ সৈতে অনুষ্ঠিত হ'বলগীয়া বিবাহৰ অনুমতিও প্ৰদান কৰিছে। ৫০ শতাংশ উপস্থিতিৰ নিয়ম বাৰ, ৰেষ্টুৰেণ্ট, চিনেমা হল আৰু চৰকাৰী কাৰ্যালয়ৰ বাবেও প্ৰযোজ্য হ'ব।

লগতে, দিল্লী চৰকাৰে সাপ্তাহিক কাৰ্ফিউ উঠাই লোৱাৰ, দোকান খোলাৰ বাবে অড-ইভেন নিয়ম প্ৰত্যাহাৰ কৰা, আৰু চহৰখনত ৫০শতাংশ কৰ্মচাৰীৰ সৈতে ব্যক্তিগত কাৰ্যালয় চলাবলৈ অনুমতি দিছে।