Assam Pride Lovlina Borgohain

নিশা ১২ বজাত ৰিঙত নামিব লাভলীনা বৰগোহাঁই। প্ৰথম ৰাউণ্ডত লাভলীনাৰ প্ৰতিদ্বন্দ্বী নিউজিলেণ্ডৰ খেলুৱৈ।

ইংলেণ্ডৰ ব্ৰামিংহামৰ দ্বাবিংশতিতম কমনৱেলথ গেমছত অসমৰ লাভলীনা বৰগোহাঁয়ে আজি ৬৬-৭০ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ খেলত নিউজিলেন্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব।

ভাৰতীয় সময় মতে নিশা ১২ বজাত আৰম্ভ হ’ব খেলখন। নিকলছনৰ বিৰুদ্ধে জয় হ’লে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চধৰ গন্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাভলীনা বৰগোহাঁই,  লনবলৰ মহিলাৰ একক শাখাত খেলিব তানিয়া চৌধুৰীয়ে।