Bhogali Bihu

আজি হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ চৌদিশে ভোগালীৰ উচাহ। পুৱাই মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰিলে চহা অসমীয়াই। পৰম্পৰাগতভাৱে অগ্নিদেৱতাক সেৱা প্রতিগৰাকী অসমীয়াৰ। মেজিৰ জুয়ে অসূয়া-অপ্রীতি দূৰ কৰাৰ উদ্দেশ্যে প্রাৰ্থনা কৰিলে অসমীয়াই।

ক’ভিড আতংকৰ মাজতে এইবাৰো বিহু উদযাপন ৰাজ্যবাসীৰ। আজি পৱিত্র দুমাহীৰ দিনটোত হেঁপাহৰ বিহুক লৈ উলাহৰ অন্ত নাই ৰাজ্যবাসীৰ মাজত।

পুহ মাহত পথাৰৰ শস্য ভঁৰালত ভৰাই অসমীয়া লোকে পালন কৰে ভোগালী বিহু। সকলোৱে একেলগ হৈ মেজি সেৱা কৰি জা-জলপান খাই আনন্দ কৰে অসমীয়াই।