next CDS

চীফ অফ ডিফেন্স ষ্টাফ (চিডিএছ)ৰ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশক জোকাৰি গৈছে। দেশৰ প্ৰতিৰক্ষাৰ আটাইতকৈ শীৰ্ষ পদৰ এগৰাকী ব্যক্তিৰ হঠাতে হোৱা মৃত্যুৰ পিছত এই পদটোত নতুন চিডিএছ নিযুক্তি অনতিবিলম্বে প্ৰদান কৰা হব। কিন্তু এই খালী পদটোৰ দাবীদাৰ কোন হ'ব পাৰে? দেশক সুৰক্ষা দিয়াৰ গুৰুত্বপূৰ্ণ দায়িত্ব এতিয়া কাৰ থাকিব?

শীৰ্ষ সূত্ৰই জনাইছে যে অহা সাতৰ পৰা দহ দিনৰ ভিতৰত চিডিএছ পদসম্পৰ্কীয় সিদ্ধান্ত লোৱা হ'ব। নিয়ম অনুসৰি, সশস্ত্ৰ বাহিনীৰ যিকোনো কমাণ্ডিং বিষয়া বা ফ্লেগ বিষয়া এই পদৰ বাবে উপযুক্ত।