Additional Leave

বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ’ল ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল। এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।

এই গুৰুত্বপূৰ্ণ ঘোষণাৰ ভিতৰত অন্যতম-চৰকাৰী চাকৰিয়ালে পাবলগীয়া বিশেষ ছুটী। পিতৃ-মাতৃ থকা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এক বিশেষ ছুটী। কৰ্মচাৰীসকলে ৪ দিনৰ বাবে চৰকাৰী ছুটী লাভ কৰিব। প্ৰত্যেক বৰ্ষৰ ৬,৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে পাব এই অতিৰিক্ত ছুটী। আনহাতে, ৮,৯ জানুৱাৰীত দুদিন ছুটী পাব একাংশ কৰ্মচাৰীয়ে।