India Bangladesh Border

উত্তপ্ত ভাৰত-বাংলাদেশ সীমান্ত। BSFৰ গুলীচালনাত নিহত গৰুৰ চোৰাং ব্যৱসায়ী।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ তথা প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টিৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ চোৰাং ব্যৱসায়। সীমান্তৰে পশুধনৰ অবাধ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই। ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰত সংঘটিত এনকাউণ্টাৰ।

শুকুৰবাৰে, পুৱতি নিশা ভাৰত-বাংলাদেশ সীমান্তইদি গৰুৰ সৰবৰাহৰ চেষ্টা চলাওঁতেই সীমান্ত নিয়োজিত BSFয়ে গৰু ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।