Flash Flood

প্ৰৱল বৃষ্টিপাতে কঁপাইছে কেৰালা। শনিবাৰে কেৰালাত অহা বিধ্বংসী বৃষ্টিপাতে ধুৱাই নিলে চৌপাশ। বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী, ভূমিস্খলনৰ ফলত মৃত্যুক সাৱটি লয় পাঁচজন লোকে। আনহাতে, এতিয়া পৰ্যন্ত সন্ধানহীন হৈ আছে ৰাজ্যখনৰ বহুকেইটা অঞ্চলৰ লোক।

মুষলধাৰ বৰষুণৰ ফলত হঠাতে সৃষ্টি হোৱা বানৰ বাবে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে বানপীড়িত অঞ্চলসমূহত মোতায়েন কৰা হৈছে ভাৰতীয় সেনাৰ দল। বানত আৱদ্ধ লোকসকলক সহায় কৰিবলৈ বায়ু সেনাইও চলাইছে উদ্ধাৰ অভিযান।