Durga Puja Theme

দুৰ্গা পূজা উপলক্ষে কলকাতাত পূজা মণ্ডপসমূহ সুকীয়া আৰু আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

কলকাতাত পূজা মণ্ডপসমূহৰ ভিতৰত এখন সুকীয়া পূজা মণ্ডপ  হ’ল কলকাতাৰ বিখ্যাত শ্ৰীভূমিৰ দুৰ্গা মণ্ডপ। এই পূজা  মণ্ডপখনত এইবাৰ ডুবাইৰ পৃথিৱীৰ সুউচ্চ অট্টালিকা বুৰ্জ খলিফাৰ আৰ্হিত সজাই তোলা হৈছে। নিশা এই বুৰ্জ খলিফাক অধিক আকৰ্ষণীয় কৰিবলে ভিন্ন লাইটৰ লগতে লেজাৰ লাইটৰো ব্যৱস্থা কৰা হৈছে।

কিন্তু সোমবাৰে বুৰ্জ খলিফা আৰ্হিৰ পূজা মণ্ডপৰ পৰা নিৰ্গত হোৱা লেজাৰ লাইটৰ বাবে অসুবিধাত পৰে বিমান চালক। তিনিজন বিমান চালকে এই পূজা মণ্ডপখনৰ লেজাৰ লাইটৰ বাবে অসুবিধাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে।