CEO

গ্ৰেপ্তাৰ হ'ল ভাৰতৰ অনলাইন মাল্টিনেশ্যনেল টেকন'লজী কোম্পানী Paytmৰ CEO বিজয় শেখৰ শৰ্মা। ফেব্ৰুৱাৰী মাহতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে Paytmৰ প্ৰতিষ্ঠাতাগৰাকীক।

নিয়ন্ত্ৰণহীনভাৱে বিলাসী বাহন jaguar land rover চলাই যোৱা বিজয় শেখৰ শৰ্মাই আকস্মিকভাৱে খুন্দা মাৰে দক্ষিণ দিল্লীৰ আৰক্ষী আয়ুক্তৰ বাহনত।

অভিযোগ অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত তীব্ৰ বেগেৰে যোৱা বিজয় শেখৰ শৰ্মাই মাডাৰ ইণ্টাৰনেশ্যনেল স্কুলৰ বাহিৰত ৰখাই থোৱা DCP বেনীতা মেৰী জেইকাৰৰ বাহনত খুন্দা মাৰে। খুন্দা মাৰি ঘটনাস্থলীৰ পৰা ততালিকৈ পলায়ন কৰে Paytmৰ CEO গৰাকীয়ে।