Paniram Kalita

নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনা এক অভিশাপ। যোৰহাটৰ নিমাতীঘাটত ভৰালুইতৰ বুকুত ‘টিপকাই’ নামৰ জাহাজ আৰু ‘মা কমলা’ নামৰ নাৱৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে বহুকেইজন নিমাখিতে।

নাও কৰ্মচাৰীৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰাৰ দৰে দুৰ্ভগীয়া লোকে। কিন্তু নাও কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড। নিচেই কম বয়সীয়া চালকক নাও পৰিচালনা কৰিবলৈ দিয়াৰ পৰিণতিতেই হৈছিল এই ঘটনা।