
তেজপুৰৰ বিহগুৰিত অমানৱীয় ঘটনা । তেজপুৰ বিহগুৰিৰ কমাৰ চুবুৰী নাথৰ ৰাইজে এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি ন খাবলৈ যোৱাৰ বাবেই মৃতকৰ শেষকৃত্যত নাহিল স্থানীয় ৰাইজ ।

জীৱনৰ শেষ সময়ত মৃতকৰ সৎকাৰৰ বাবে সংগ নিদিলে ৰাইজে । মৃতদেহ শ্মশানলৈ নিবলৈ উপস্থিত নহল স্থানীয় ৰাইজ।

নিদিষ্ট দুজনমানৰ বাহিৰে আন গাঁওৰ পৰা অহা লোকৰ দ্বাৰাহে বিয়লি অন্তেষ্টিক্রিয়া সম্পন্ন কৰে । উপায়হীন হৈ মৃত ভোগেশ্বৰ নাথৰ পৰিয়ালৰ একমাত্ৰ মহিলা গৰাকীয়ে সামাজিক মাধ্যম যোগে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সহায় বিচাৰে।
Category
- Log in to post comments