গা কঁপি উঠা কাণ্ড! প্ৰেমিকাক হত্যা কৰি ৩৫ টুকুৰা কৰিলে প্ৰেমিকে, ১৮ দিন ৰাখিলে ফ্ৰীজত

Murder

প্ৰেমিক আফটাব আৰু প্ৰেমিকা শ্ৰদ্ধায়ে মুম্বাইৰ এটা কল চেণ্টাৰত কাম কৰিছিল য’ত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি হৈছিল। কিন্তু ২৬ বছৰীয়া শ্ৰদ্ধাৰ পৰিয়ালে জাতি-ধৰ্মৰ বিৰোধী তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল। গতিকে দুয়োজনে ঘৰৰ পৰা পলাই ৰাজধানী দিল্লীত একেলগে সহবাস (লিভ-ইন ৰিলেশ্বন) কৰিবলৈ ঠিক কৰিলে। সেইখিনিলৈকে সকলো ঠিকেই চলি আছিল। কিন্তু প্ৰেমিক আফটাবক বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দিয়াটোৱেই কাল হ'ল প্ৰেমিকা শ্ৰদ্ধাৰ বাবে। প্ৰেমিক আফটাবৰ নৃশংসতাত ৩৫ টা টুকুৰাত ক্ষত-বিক্ষত হ'ল দুৰ্ভগীয়া শ্ৰদ্ধাৰ শৰীৰ। আৰু সেই কথা জানিবলৈ বহু সময় লাগিল অসহায় শ্ৰদ্ধাৰ পৰিয়ালটোৰ। এই নাৰকীয় ঘটনাটোৰ বৰ্বৰতা পোহৰলৈ অহাৰ পিছতেই ৰাজধানীৰ লগতে সমগ্ৰ দেশকে জোকাৰি গৈছে।
আৰক্ষীয়ে জনোৱা মতে, ১৮ মে’ত কাজিয়াৰ অন্তত প্ৰেমিক আফটাবে নিজৰ লিভ-ইন পাৰ্টনাৰ শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। তাৰ পিছত আফটাবে যুৱতীগৰাকীৰ শৰীৰটো চোকা অস্ত্ৰৰে ৩৫ টুকুৰা কৰি সেইবোৰ ৰাখিবলৈ যথেষ্ট ডাঙৰ ফ্ৰীজ এটা ক্ৰয় কৰিছিল। তাৰপিছত সংঘটিত কৰিছিল আন এক ধাৰাবাহিক জঘন্য কাণ্ড। পৰৱৰ্তী ১৮ দিনৰ ভিতৰত তেওঁ মৃত শৰীৰটোৰ টুকুৰাবোৰ প্ৰতি মাজনিশা ২ বজাত ঘৰৰ পৰা ওলাই গৈ সমগ্ৰ দিল্লীৰ বিভিন্ন স্থানত টুকুৰাবোৰ সিঁচৰিত কৰি পেলাইছিল।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত সক্ৰিয় আছিল শ্ৰদ্ধা, যাৰ জৰিয়তে শ্ৰদ্ধাৰ পৰিয়ালেও শ্ৰদ্ধাৰ বিষয়ে নিয়মীয়াকৈ জানিছিল। কিন্তু তেওঁলোকে লক্ষ্য কৰিলে যে, কিছুদিনৰ পৰা শ্ৰদ্ধাৰ আপডেট বন্ধ হৈ গৈছে। তেতিয়া শ্ৰদ্ধাৰ পিতৃয়ে খবৰ ল’বলৈ দিল্লীলৈ গৈছিল। কিন্তু যেতিয়া পিতৃয়ে জীয়ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰিলে তেতিয়া তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আফটাবক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, শ্ৰদ্ধাই বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবেই আফটাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। আফটাবে কয় যে এই বিষয়টোক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল আৰু যেতিয়া কাজিয়াই এদিন চৰম পৰ্যায় অতিক্ৰম কৰিছিল তেতিয়া এদিন মে’ মাহত আফটাবে শ্ৰদ্ধাক হত্যা কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, আফটাবে প্ৰথমে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল আৰু তাৰপিছত সন্দেহৰ পৰা হাত সাৰিবলৈ শ্ৰদ্ধাৰ শৰীৰটো একাধিক টুকুৰা কৰি গোটেই দিল্লীৰ বিভিন্ন স্থানত এটা এটাকৈ টুকুৰা পেলাই দিছিল। ইতিমধ্যে, আৰক্ষীয়ে আফটাবৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ বিচাৰি ফুৰিছে।

Category
Profile picture for user UB Photos