আজিৰে পৰা আৰম্ভ দেশত হ’ব জিঅ’ 5G সেৱা

5G services

দেশত আজিৰে পৰা আৰম্ভ  জিঅ 5G সেৱা ৰিলায়েঞ্চ জিঅ অধ্যক্ষ আকাশ আম্বানীয়ে শুভাৰম্ভ কৰিব 5G সেৱাৰ ৰাজস্থানৰ নাথদ্বাৰাত জিঅ প্ৰথমটো 5G সেৱা আৰম্ভ কৰা তাৰ পূৰ্বে শ্ৰীনাথজী মন্দিৰত আশিস লয় আকাশ আম্বানীয়ে

শ্ৰীনাথজীৰ চৰণত উৎসৰ্গা কৰি আকাশ আম্বানীয়ে আৰম্ভ কৰিব জিঅ 5G সেৱা ভাৰতৰ এক নম্বৰ ডিজিটেল সেৱা প্ৰদানকাৰী জিঅ’ই 5G সেৱাত ২ লাখ কোটি টকা ব্যয় কৰিব। দিল্লী, কলকাতা, মুম্বাই, চেন্নাইত প্ৰথমে আৰম্ভ হ’ব 5G সেৱা।

দীপাৱলীৰ পূৰ্বে এই ৪ মেট্ৰ’ চহৰত 5G সেৱা উপভোগ কৰিব পাৰিব গ্ৰাহকে। ২০২৩ৰ ভিতৰত সমগ্ৰ ভাৰতত 5G সেৱা উপলব্ধ হ’ব। ইয়াৰোপৰি, দেশজুৰি True-5G নেটৱৰ্ক আৰম্ভ কৰিব জিঅ’ই আৰু ইয়াৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব। জিঅ’ 5G সেৱা দেশীয়ভাৱে বিকশিত End-to-End 5G নেটৱৰ্ক।

Category
Profile picture for user UB Photos