মহানগৰীত চাঞ্চল্যকৰ ঘটনা! প্ৰেমিক-প্ৰেমিকা নিশা কটোৱাৰ পিছতে প্ৰেমিকৰ ৰহস্যজনক মৃত্যু

Guwahati Suicide

গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন যুৱকৰ মৃত্যুক লৈ এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

উল্লেখ্য় যে, যুৱকজনৰ নাম অৰিজিৎ ডেকা। অৰিজিৎৰ ঘৰ সৰ্থেবাৰী, পল্টন বজাৰৰ হোটেল বৃন্দাবনত ১০ অক্টোবৰৰ দিনা অৰিজিৎ ডেকাই লৈছিল এটা কোঠা।

এগৰাকী যুৱতীসহ ৩ দিন ধৰি হোটেলখনতে আছিল অৰিজিৎ। ২০২নং কোঠাৰ পৰা বুধবাৰে ৰাতিপুৱা অৰিজিৎৰ আত্মীয় আহিছিল কোঠালৈ। শাৰীৰিক ভাৱে অসুস্থ হৈ আছিল সৰ্থেবাৰীৰ অৰিজিৎ। অসুস্থ হোৱাৰ বাবে আত্মীয়ই আহি পুৱাই  লৈ গৈছিল চিকিৎসালয়লৈ।

পিছে, হোটেল কতৃপক্ষৰ মতে এয়া আত্মহত্যা হয় নে নহয় এতিয়াও কোৱাটো টান।

গোপন তথ্য অনুসৰি দুয়োগৰাকী যুৱক যুৱতীহাল আছিল প্ৰেমিক - প্ৰেমিকা। পূৰ্বৰে পৰা প্ৰেমিক-প্ৰেমিকাৰ মাজত চলি আছিল বাক বিতণ্ডা। বাক বিতণ্ডাৰ বাবেই হোটেলৰ কোঠাতেই চীপ লৈ আত্মহত্যা চেষ্টা কৰাৰ সন্দেহ।

অৰিজিৎ ডেকা মৃত্যু হোৱাৰ পূৰ্বে প্ৰেমিকাই মাতি পঠাইছিল বন্ধুক। বুন্ধুৰ সৈতে  চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হৈছিল সৰ্থেবাৰীৰ অৰিজিত ডেকা।

সম্প্ৰতি পল্টন বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত।

Category
Profile picture for user UB Photos