পাচলি বজাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

nirmala sitharaman at chennai market

শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গৈ চেন্নাইৰ এখন বজাৰত উপস্থিত হয়। চেন্নাইৰ মাইলাপুৰত অৱস্থিত বজাৰখন পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মাইলাপুৰ বজাৰৰ পাচলি বজাৰত উপস্থিত হৈ স্থানীয় বিক্ৰেতা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মন্ত্ৰী সীতাৰমণক পাচলি বজাৰত নিজেই পছন্দ কৰি পাচলি ক্ৰয় কৰা দেখা গ'ল। দেখা গৈছে যে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে পাচলিৰ দোকানৰ পৰা নিজেই পছন্দ কৰি নিজ হাতেৰে আলু পাচিত তুলি দিছে। তেওঁ স্থানীয় বিক্ৰেতাৰ সৈতে কিছু সময় আলাপো কৰা দেখা গৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত আৰু সাধাৰণ ক্ৰেতাৰ দৰে আচৰণেৰে বজাৰ কৰা কাৰ্য্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে চেন্নাইৰ মাইলাপুৰ বজাৰৰ ক্ৰেতা-বিক্ৰেতা তথা স্থানীয় লোকসকলক।

Category
Profile picture for user UB Photos