মাজুলী কমলাবাৰীৰ শিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যু!

majuli tezaswita baruah death incident

বহু প্ৰতিভাসম্পন্ন গীত, নৃত্যৰে মোহাচ্ছন্ন কৰা মাজুলী কমলাবাৰীৰ শিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যু! শোকস্তব্ধ মাজুলীবাসী

বুধবাৰে গাঁৱৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি কণ কণ শিশু শিল্পীসকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ যোৱা তেজস্বিতা হঠাৎ অসুস্থ হৈ পৰে৷ নামঘৰৰ পৰা গাঁৱৰ যুৱক আৰু পৰিয়ালৰ লোকে ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চেতনা ঘূৰি নাহি মৃত্যু হয় তেজস্বিতা বৰুৱাৰ৷

কোনোধৰণৰ ৰোগ আদিত আক্ৰান্ত হৈ নথকা শিল্পীগৰাকী হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷ বুধবাৰে পুৱা গাঁৱৰ জন্মোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিয়লি সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশনৰ বাবে সাজি-কাচি প্ৰস্তুত হোৱা তেজস্বিতাৰ আকস্মিক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই মাজুলীবাসীয়ে৷

মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত নিশাৰ ভাওনাকে ধৰি জন্মোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰে গাঁওবাসীয়ে৷ তিনি বছৰ বয়সৰ পৰা গীত পৰিৱেশনৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজস্বিতাই সকলো টেলিভিছন চেনেলত আৰু মাজুলীৰ সাংস্কৃতিক অনুষ্ঠানসমূহত গীত, নৃত্য পৰিৱেশন কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিছিল৷ সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰা তেজস্বিতাৰ পিতৃয়ে চাৰিদিনৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা হোৱাকৈ এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল৷ 

তীক্ষ্ণ মেধাসম্পন্ন, মাজুলী আইলেণ্ড একাডেমিৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজস্বিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসা লয় আৰু বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈ শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বৰ্তমান শিল্পীগৰাকীৰ মৃত্যুত বহুতো প্ৰশ্ন উত্থাপন হৈছে৷ স্বাস্থ্য বিভাগকো দোষাৰোপ কৰিছে বিভিন্নজনে৷ 

Category
Profile picture for user UB Photos