পূজাতেই সু-খবৰ! ১৫০টা পৰিয়ালক ৭৪০ বিঘা মাটিৰ অধিকাৰ চৰকাৰৰ

durga puja special news

পূজাৰ বতৰত সু-খবৰ! ১৫০টা পৰিয়ালক ৭৪০ বিঘা মাটিৰ অধিকাৰ চৰকাৰৰ

যুগ যুগ ধৰি ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙ বিধানসভা সমষ্টিৰ অন্তৰ্গত জুকটলি চাহবাগিছাৰ দখলিকৃত ভূমিত বাস কৰি থকা টিংখাঙৰ লাচিত নগৰ বাংলাবাৰী ৰাইজৰ বাবে পূজাৰ বতৰত আহিল ভাল খবৰ।

প্ৰায় ১৫০টা পৰিয়ালক ৭৪০ বিঘা ভূমিৰ অধিকাৰ প্ৰদানৰ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। ৰাজ্যচৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ বাসগৃহত অনুষ্ঠিত এক সভাত মন্ত্ৰী বিমল বড়াই জানিবলৈ দিয়ে যে মিচন বসুন্ধৰা আঁ‌চনিৰ অধীনত পৰিয়াল সমূহক প্ৰদান কৰা হৈছে এই অধিকাৰ।

ইফালে পূজাৰ বতৰত লাচিত নগৰ বাংলাবাৰী ৰাইজে এই খবৰ লাভ কৰাৰ পিছতে অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ অসম চৰকাৰক আৰু মন্ত্ৰী বিমল বড়াক ধন্যবাদ জ্ঞাপন কৰে।

Category
Profile picture for user UB Photos