লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিকৰ বিমান এৰোবেটিক প্ৰদৰ্শন!

Aerobatics Air Show

আজি লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰে।

হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এৰোবেটিক্স প্ৰদৰ্শন হোৱা এয়াৰ শ্ব'টো পুৱা ১০ বজাৰ পৰা ১১ বজালৈকে অনুষ্ঠিত হয়।

Aerobatics

ভাৰতীয় বায়ুসেনাৰ এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, এয়াৰ মাৰ্শ্বেল ডি. কে. পাটনায়ক(AVSM VM AOC-in-C, Eastern Air Command)ৰ লগতে বায়ুসেনাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

himu mama

মন কৰিবলগীয়া যে, ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ সমগ্ৰ বিশ্বৰ একমাত্ৰ নখন বিমান গঠন এৰোবেটিক দলৰ ভিতৰত অন্যতম। ১৯৯৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে। ই ভাৰতীয় বায়ুসেনাৰ ৫২ তম স্কোয়াড্ৰনৰ এটা অংশ।

Aerobatics show

উল্লেখ্য যে, সূৰ্য কিৰণ দলটো বৰ্তমান তেজপুৰ এয়াৰফৰ্চ ষ্টেচনত অৱস্থান গ্ৰহণ কৰিছে আৰু উইং কামাণ্ডাৰ ৰূপম বৰদলৈও এই স্কোয়াড্ৰনৰ সদস্য।

Category
Profile picture for user UB Photos