কালিকা লগা এটা অভিশপ্ত দিনঃ ৮ ছেপ্টেম্বৰ ২০২১

Nimatighat ferry accident

আজি ৮ ছেপ্টেম্বৰ, এই দিনটো মাজুলীবাসীৰ বাবে এফালে যিদৰে এক স্বীকৃতিৰ আনন্দোৎসৱ, আনফালে আকৌ দুৰ্বিষহ স্মৃতিৰ এক ক’লা অধ্যায় ৷

কিয়নো আজিৰ পৰা ৭ বছৰ পূৰ্বে এই দিনটোতে মাজুলীয়ে লাভ কৰিছিল জিলাৰ স্বীকৃতি আনহাতে, বিগত বছৰৰ ৮ ছেপ্টেম্বৰতে সংঘটিত হৈছিল নিমাতীঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনা। যি দুৰ্ঘটনাত তিনিগৰাকীকৈ লোক পৰিমিতা দাস, ড০ বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দেশ্বৰ বৰাই অকাল মৃত্যুক সাৱটিব লগীয়া হৈছিল ৷

২০২১ চনৰ ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত কাল অমানিশা নামি আহিছিল মা কমলা নামৰ ফেৰীখনলৈ ৷ ভৰা লুইতৰ বুকুত আন এখন ফেৰীৰ সৈতে মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাত পতিত হৈছিল মা কমলা ফেৰীখন ৷ মুখামুখি সংঘৰ্ষৰ ফলত ভাঙি দুটুকুৰা হয় মা কমলা, অৱশেষত ব্ৰহ্মপুত্ৰৰ বুকুত পৰিস্থিতিৰ লগত হাৰ মানি নিজকে এৰি দিছিল মা কমলা নামৰ ফেৰীখনে ৷

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত এই শিহৰণীয় ফেৰী দুৰ্ঘটনাত তিনিজন লোকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছিল ৷ এই দুৰ্ঘটনাৰ মূল কাৰণ হিচাবে চিহ্নিত হৈছিল দুৰ্বল আন্তঃগাঁথনি আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অমনোযোগিতা তথা কাণ্ডজ্ঞানহীনতা ৷

আজিৰ দিনটোত ভয়ানক দুৰ্ঘটনাক স্মৰণ কৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজনৰ পৰিয়ালত শোকাকুলময় পৰিৱেশ ৷ তেওঁলোকৰ পৰিয়ালৰ লোকৰ চকুত আজিও চকুলো ৷

Category
Profile picture for user UB Photos