চীনৰ ছিচুয়ানত ভয়ংকৰ ভূমিকম্প! এতিয়ালৈকে ৪৬ জনৰ মৃত্যু

China Earthquake

চীনৰ ছিচুয়ানত নিশা ভয়াৱহ ভূমিকম্প! ৬.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় চীনৰ বৃহৎ অঞ্চল৷ ভূমিকম্পৰ ফলত ৪৬ জনকৈ লোকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়।

china earthquake

নিশা ১২:২৫ বজাত সংঘটিত হয় এই ভূমিকম্প৷ ভূমিকম্পৰ কেন্দ্ৰটো ১৬ কিলোমিটাৰ গভীৰতাত ২৯.৫৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ১০২.০৮ ডিগ্ৰী পূব দ্ৰাঘিমাংশত নিৰীক্ষণ কৰা হৈছিল বুলি চৰকাৰী ছিনহুয়াৰ উদ্ধৃতিৰে চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰে প্ৰকাশ কৰিছে ৷

china

এই ভূমিকম্পত ৪৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনৰো অধিক লোক আহত হৈছে। উদ্ধাৰকাৰী দলসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতসকলৰ ভিতৰত ২৯ জন লুডিং কাউন্টি প্ৰশাসন কৰা গাঞ্জী তিব্বতী স্বায়ত্তশাসিত প্ৰিফেকচাৰৰ আৰু বাকী ১৭ জন য়া’ন চহৰৰ।

Category
Profile picture for user UB Photos